Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 48 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭)»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৰকতময় মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে জান্নাতত আতিথ্য আপ্যায়নৰ কাৰণে যি প্ৰস্তুত কৰি ৰাখিছোঁ, সেইবোৰক কোনো চকুৱে দেখা নাই, কোনো কাণেও সেইবোৰৰ বৈশিষ্ট্য শুনা নাই, আনকি কোনো মানুহৰ অন্তৰে ইয়াৰ ধৰণ-গঠন সম্পৰ্কে কল্পনাও কৰিব নোৱাৰে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ প্ৰমাণ চাব বিচাৰিলে, এই আয়াত পঢ়ি চোৱা। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে। (ছুৰা আছ-ছাজদাহঃ ১৭)

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality