Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত

Available in 65 languages
«ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই পাঁচটা বিষয়ত দুআ কৰিছিল, যিবোৰ বিষয় প্ৰতিজন মুছলিমৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই দুআৰ মাজত পৃথিৱী আৰু আখিৰাত উভয়ৰে কল্যাণক সামৰি লোৱা হৈছে। যেনে- ক্ষমা প্ৰাৰ্থনা কৰা হৈছে, গুনাহ মাৰ্জনা কৰিবলৈ তথা আওকাণ কৰিবলৈ দুআ কৰা হৈছে, ৰহমত প্ৰদান কৰিবলৈ কোৱা হৈছে, লগতে বেমাৰ-আজাৰ সন্দেহ-সংশয় আৰু প্ৰবৃত্তিৰ কামনা-বাসনা আদিৰ পৰা ৰক্ষা কৰিবলৈ কোৱা হৈছে, এইদৰে সত্যৰ ওপৰত তথা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখিবলৈ দুআ কৰা হৈছে। এইদৰে ঈমান, ইল্ম আৰু নেক আমলৰ তাওফীক কামনা কৰা হৈছে, লগতে আল্লাহৰ ওচৰত পৱিত্ৰ জীৱিকা বিচৰা হৈছে।

Source
(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
Download image

Saved at original quality