Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 37 languages
«আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰৰ ওপৰত আছিল সেই সময়ত এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে যে, আপোনাৰ মতে তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে? তেখেতে ক'লেঃ "দুই দুই ৰাকাতকৈ। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে এক ৰাকাত পঢ়ি ল'বা। ইয়াৰ ফলত পূৰ্বৱৰ্তী নামাজ ৱিতিৰ হৈ যাব।" (নাফে কৈছেঃ) ইবনে ওমৰে কৈছিলঃ "তোমালোকে ৱিতিৰক ৰাতিৰ শেষ নামাজ হিচাপে আদায় কৰিবা।" কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটোৱে নিৰ্দেশ দিছিল।»

Meaning translation ·

Explanation

The meaning in a few plain lines

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত থিয় হৈ খুতবা দি আছিল, সেই সময়তে এজনে প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! তাহাজ্জুদ কেনেকৈ পঢ়িব লাগে মোক শিকাই দিয়ক? তেতিয়া তেখেতে ক'লেঃ প্ৰত্যেক দুই ৰাকাতৰ শেষত ছালাম ফিৰাবা। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে অতিৰিক্ত এক ৰাকাত আদায় কৰিবা, যাতে এইটো ৱিতিৰ হৈ যায়। এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দিছিল যে, তোমালোকে ৱিতিৰক ৰাতিৰ একেবাৰে শেষৰ নামাজ হিচাপে আদায় কৰিবা।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality