Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

মুগীৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 61 languages
«মুগীৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে অজু কৰাৰ সময়ত যেতিয়া ভৰি ধোৱাৰ পাল আহিল, তেতিয়া মুগীৰাহ বিন শ্বুবাই হাত আগবঢ়ালে তেখেতৰ মোজা খুলি দিবলৈ, যাতে তেখেতে ভৰি ধুব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ থৈ দিয়া নুখুলিবা, কাৰণ মই এই মোজা পিন্ধাৰ সময়ত অজু কৰি পিন্ধিছিলোঁ। ইয়াৰ পিছত তেখেতে ভৰি ধোৱাৰ পৰিবৰ্তে সেই মোজাৰ ওপৰতে মছেহ কৰিছিল।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality