Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 60 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জান্নাতত কেৱল মুমিন ব্যক্তিসকলেহে প্ৰৱেশ কৰিব পাৰিব। ইপিনে ঈমান পৰিপূৰ্ণ হ'বলৈ আৰু মুছলিম সমাজৰ সংশোধনৰ বাবে পৰস্পৰে মুহাব্বত ৰখাটো অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুহাব্বত প্ৰসাৰিত কৰিবলৈ এটা উত্তম উপায় দেখুৱাইছে। সেইটো হৈছে মুছলিমসকলৰ মাজত ছালাম প্ৰচাৰ কৰা, যিটোক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে অভিবাদন হিচাপে নিৰ্ধাৰণ কৰিছে।

Source
(মুছলিম)
Download image

Saved at original quality