Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 60 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।" আৰু বুখাৰীত আছেঃ "সৰুৱে ডাঙৰক, খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক ছালাম দিয়াৰ নিয়ম শিকাইছে, "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। যাতে সৰুৱে ডাঙৰক ছালাম কৰে, আৰোহীয়ে খোজকাঢ়ি যোৱা ব্যক্তিক ছালাম কৰে আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক ছালাম কৰে, এইদৰে কম সংখ্যকে যাতে বেছি সংখ্যক লোকক ছালাম কৰে।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality