ফজীলত আৰু শিষ্টাচাৰসমূহ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 70 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে।” প্রশ্ন কৰা হ'ল, মই আলোচনা কৰা বিষয়টো যদি সঁচাকৈয়ে তাৰ মাজত থাকে (তথাপিও সেইটো গীবত হ'বনে)? উত্তৰত তেখেতে ক'লে: “তুমি তাৰ বিষয়ে যি আলোচনা কৰিছা সেইটো যদি তাৰ মাজত থাকে তেনেহ'লে তুমি তাৰ গীবত কৰিলা। আনহাতে যদি সেইটো তাৰ মাজত নাথাকে তেনেহ'লে তুমি তাৰ প্রতি অপবাদ আৰোপ কৰিলা।”»Meaning translation ·
Saved at original quality








