Hadith for the World
Tap the image to view it full size
আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 65 languages
«আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো মুছলিম ব্যক্তিয়ে আল্লাহৰ কিতাবৰ কোনো এটা আখৰ তিলাৱত কৰে, তেতিয়া তেওঁ প্ৰতিটো আখৰৰ বিনিময়ত এটাকৈ নেকী লাভ কৰে, আৰু তেওঁৰ সেই নেকীটোক দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছত তেখেতে কৈছেঃ (মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।) ফলত তিনিটা নেকী ত্ৰিছটা নেকীত পৰিণত হয়।

Source
(তিৰমিজী)
Download image

Saved at original quality