Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 62 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে। কাৰণ কাৰোবাৰ সম্পদ চুৰি কৰিলে হয়তো পৃথিৱীত কিছু উপকৃত হ'ব পাৰিব কিন্তু নামাজ চুৰি কৰা ব্যক্তিয়ে ক'তো উপকৃত হ'ব নোৱাৰে। কাৰণ সি ছোৱাব আৰু প্ৰতিদানৰ পৰা নিজকে বঞ্চিতহে কৰে। চাহাবাসকলে হাদীছটো শুনাৰ পিছত প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ নামাজৰ ৰুকূ ছাজদাহ পৰিপূৰ্ণৰূপে নকৰাটোৱে হৈছে নামাজ চুৰি, যেনে- ৰুকূ ছাজদাত খৰধৰ কৰা, সম্পূৰ্ণৰূপে নকৰা।

Source
(ইবনে হিব্বান)
Download image

Saved at original quality