Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 60 languages
«আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো পুৰুষে আন কোনো পুৰুষৰ লজ্জাস্থান দেখা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ লজ্জাস্থান দেখা উচিত নহয়। কোনো পুৰুষে আন কোনো পুৰুষৰ লগত একে কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ সৈতে এখন কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পুৰুষে পুৰুষৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰিছে। এইদৰে নাৰীকো নাৰীৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰা হৈছে। আওৰাহ প্ৰত্যেক সেই অংগক কোৱা হয়, যিটো প্ৰকাশ পালে মানুহে লাজ পায়। পুৰুষৰ আওৰাহ হৈছে নাভীৰ পৰা আঠুলৈকে। পৰপুৰুষৰ সন্মুখত নাৰীৰ গোটেই শৰীৰ হৈছে আওৰাহ। আনহাতে কোনো নাৰীৰ সন্মুখত আৰু মাহৰাম পুৰুষৰ সন্মুখত নাৰীয়ে নিজৰ শৰীৰৰ সেইখিনি অংশ প্ৰকাশ কৰিব পাৰে যিখিনি অংশ সাধাৰণতে ঘৰত কাম কৰোঁতে প্ৰকাশ পায়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো পুৰুষক আন কোনো পুৰুষৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে, অথবা এখন চাদৰ বা কম্বলৰ তলত নগ্ন অৱস্থাত শুৱলৈ নিষেধ কৰিছে। এইদৰে নাৰীসকলকো কোনো নাৰীৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে। অথবা কোনো চাদৰ বা কম্বলৰ তলত নগ্ন হৈ দুজনী নাৰী একেলগে শুবলৈ নিষেধ কৰিছে। কাৰণ এনেকুৱা কৰিলে ইজনে সিজনৰ আওৰাহ স্পৰ্শ হোৱাটো নিশ্চিত। আনহাতে যিদৰে বেলেগৰ আওৰাৰ পিনে দৃষ্টিপাত কৰা নিষিদ্ধ, সেইদৰে স্পৰ্শ কৰাও নিষিদ্ধ। বৰং তাতকৈও অধিক কঠোৰভাৱে নিষিদ্ধ। কাৰণ ইয়াত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক।

Source
(মুছলিম)
Download image

Saved at original quality