Hadith for the World
আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান

কোৰআনৰ তাফছীৰ

2 hadiths

2 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ হুদাইবিয়্যাৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا لِيَغْفِرَ لَكَ اللهُ} পৰা {فَوْزًا عَظِيمًا} লৈকে।[الفتح: ١-٥] তেতিয়া তেওঁলোক আছিল কষ্ট বেদনা আৰু ক্ষোভেৰে পৰিপূৰ্ণ। তেওঁলোকে হুদাইবিয়্য়াতেই কুৰবানীৰ জন্তুবোৰ কুৰবানী কৰিছিল। তেতিয়া তেখেতে ক'লেঃ "মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।"(মুছলিম)