Hadith for the World
ফজীলতসমূহ

জ্ঞান অৰ্জনৰ গুৰুত্ব

8 hadiths

8 hadiths

عن أنس بن مالك رضي الله عنه قال: كان أخوانِ على عهد النبي صلى الله عليه وسلم وكان أحدُهما يأتي النبي صلى الله عليه وسلم والآخر يَحتَرِف، فَشَكَا الُمحتَرِف أَخَاه للنبي صلى الله عليه وسلم فقال: «لعَلَّك تُرزَقُ بِهِ».رواه الترمذي
আনাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বর্ণিত, “যি ব্যক্তিয়ে ইল্ম শিকাৰ উদ্দেশ্যে ওলাই গ’ল, তেওঁ উভতি নহালৈকে আল্লাহৰ ৰাস্তাত থকা বুলি গণ্য হ’ব।” হাছান - এইটো তিৰমিজীয়ে বর্ণনা কৰিছে।(তিৰমিজী)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব। এইদৰে যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। বান্দাই যেতিয়ালৈকে নিজৰ ভাতৃক সহায় কৰি থাকে, আল্লাহে তেতিয়ালৈকে তাক সহায় কৰি থাকে। যি ব্যক্তিয়ে জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হয়, আৰু কোৰআন তিলাৱত কৰে, সকলোৱে মিলিত হৈ ইয়াৰ শিক্ষা লয় আৰু শিক্ষা দিয়ে, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হয়, ৰহমতে তেওঁলোকক ঢাকি লয়, ফিৰিস্তাসকলে তেওঁলোকক আগুৰি থাকে আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰে, যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তিয়ে তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।"(মুছলিম)
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه عن رسول الله صلى الله عليه وسلم قال: «النَّاسُ مَعَادِن كَمَعَادِن الذَّهَب وَالفِضَّة، خِيَارُهُم فِي الجَاهِلِيَّة خِيَارُهُم فِي الإِسْلاَم إِذَا فَقُهُوا، والأَرْوَاحُ جُنُودٌ مُجَنَّدَة، فَمَا تَعَارَفَ مِنْهَا ائتَلَفَ، وَمَا تَنَاكَرَ مِنْهَا اخْتَلَفَ». وعن أبي هريرة رضي الله عنه قال: قال رسول الله -صلى الله عليه وسلم: «تَجِدُون النَّاسَ مَعَادِن: خِيَارُهُم فِي الجَاهِليَّة خِيَارُهُم فِي الإِسْلاَم إِذَا فَقِهُوا، وَتَجِدُون خِيَار النَّاس فِي هَذَا الشَّأْن أَشَدُّهُم كَرَاهِيَة لَه، وَتَجِدُون شَرَّ النَّاس ذَا الوَجْهَين، الَّذِي يَأْتِي هَؤُلاَء بِوَجه، وَهَؤُلاَء بِوَجْه».الحديث الأول: متفق عليه، ولفظه لمسلم؛ وروى البخاري أوله، وروى آخره عن عائشة -رضي الله عنها-. الحديث الثاني: متفق عليه
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছে: "আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।"(তিৰমিজী, ইবনে মাজাহ, আহমদ)
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? আবুল মুনজিৰে কৈছেঃ মই ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে আকৌ ক'লেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।"(মুছলিম)