Hadith for the World
মুহাম্মাদী শাৰীৰিক আৰু চাৰিত্ৰিক গঠণ

নবৱী আদৰ্শ

7 hadiths

7 hadiths

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত তেওঁৰ ওচৰলৈ আহি ক'লেঃ "আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عائشة رضي الله عنها قالت: كان رسولُ اللهِ صلى الله عليه وسلم إذا فَاتَتْهُ الصَّلَاةُ مِنَ الليلِ مِن وَجَعٍ أَوْ غَيْرِهِ، صَلَّى من النَّهَارِ ثِنْتَيْ عَشْرَةَ رَكْعَةً.رواه مسلم
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: إِنَّ خَيَّاطًا دَعَا رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِطَعَامٍ صَنَعَهُ، قَالَ أَنَسُ بْنُ مَالِكٍ: فَذَهَبْتُ مَعَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِلَى ذَلِكَ الطَّعَامِ، فَقَرَّبَ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ خُبْزًا وَمَرَقًا، فِيهِ دُبَّاءٌ وَقَدِيدٌ، فَرَأَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَتَتَبَّعُ الدُّبَّاءَ مِنْ حَوَالَيِ القَصْعَةِ، قَالَ: فَلَمْ أَزَلْ أُحِبُّ الدُّبَّاءَ مِنْ يَوْمِئِذٍ.متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম! আপুনি মুশ্বৰিকসকলৰ ওপৰত বদ্দুআ কৰক, তেতিয়া তেখেতে ক'লেঃ "মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"(মুছলিম)