ফিকহ আৰু উচুলে ফিক্হ
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
Available in 60 languages
«ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজনী আনচাৰী মহিলাক কৈছিল যে, "আমাৰ লগত হজ্জ কৰিবলৈ তোমাক কিহে বাধা দিছে"? (বৰ্ণনাকাৰীয়ে কৈছে যে) ইবনে আব্বাছে সেই মহিলাজনীৰ নাম কৈছিল কিন্তু মই পাহৰি গৈছোঁ। মহিলাজনীয়ে ক'লেঃ পানী বহনৰ বাবে আমাৰ দুটা উট আছে, তাৰে এটাকলৈ মোৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছে, আৰু আন এটা উট আমাৰ বাবে পানী বহন কৰিবলৈ ৰাখি থৈ গৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ক'লেঃ "ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।"»Meaning translation ·
Saved at original quality







