Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 62 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি হৈছে আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে, অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে বিধৱা নাৰী অৰ্থাৎ এনেকুৱা নাৰী যাৰ স্বামী মৃত্যুবৰণ কৰিছে, যাৰ পৰিয়াল চলাবলৈ কোনো নাই, তেনেকুৱা নাৰীক সহায়-সহযোগিতা কৰিব, লগতে অসহায় দৰিদ্ৰ লোকৰ কল্যাণৰ হকে কাম কৰিব আৰু আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব, সেই ব্যক্তিয়ে আল্লাহৰ পথত যুদ্ধ কৰাৰ দৰে ছোৱাব অৰ্জন কৰিব, অথবা ৰাতি ক্লান্ত নোহোৱাকৈ তাহাজ্জুদ পঢ়াৰ দৰে আৰু দিনত ৰোজা পালন কৰা ব্যক্তিৰ দৰে ছোৱাব লাভ কৰিব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality