Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 55 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বিপদ-আপদ তথা পৰীক্ষা কেতিয়াও মুমিন মুুমিনাৰ লগ নেৰে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সন্তান-সন্ততিৰ বেমাৰ-আজাৰে হওক নাইবা মৃত্যু অথবা অবাধ্যতা আদিয়ে হওক। এইদৰে ধন-সম্পদৰ ক্ষেত্ৰত, যেনে- অভাৱ-অনাটন, ব্যৱসায়ত লোকচান, সা-সম্পত্তিৰ চুৰি, জীৱিকাৰ সংকীৰ্ণতা আদি। এইবোৰ কষ্টৰ দ্বাৰা আল্লাহে বান্দাৰ গুনাহ ক্ষমা কৰে। অৱশেত তেওঁ আল্লাহৰ ওচৰত এনেকুৱা অৱস্থাত গৈ উপস্থিত হয় যে, তেওঁ কৰা সকলো গুনাহ মোচন হৈছে।

Source
(তিৰমিজী, আহমদ)
Download image

Saved at original quality