AS
হৃদয়গ্ৰাহী উপদেশ তথা নছিহত
আত্মশুদ্ধি
9 hadiths
অন্তৰৰ আমলসমূহ
14
দুনিয়াবিমুখ আৰু পৰহেজগাৰিতা
2
পূণ্যৱান লোকসকলৰ অৱস্থাসমূহ
4
পাপকৰ্মক নিন্দা কৰা
6
পাৰ্থিৱ চাহিদাৰ নিন্দা
8
প্ৰবৃত্তি আৰু বেয়া বাসনাৰ নিন্দা
1
তাওবাহ
3
আত্মশুদ্ধি
9
জান্নাত আৰু জাহান্নামৰ বৈশিষ্ট্যসমূহ
17
9 hadiths
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"
(তিৰমিজী, আহমদ)
ছুহাইব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।
(মুছলিম)
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ কান্ধত ধৰি কৈছেঃ "পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।" ইবনে ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই কৈছেঃ "সন্ধিয়াত উপনীত হ’লে প্ৰভাতৰ অপেক্ষা নকৰিবা আৰু প্ৰভাতত উপনীত হ’লে সন্ধ্যিয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ আগতে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ আগতে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।"
(বুখাৰী)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।"
(বুখাৰী)
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
(মুছলিম)
ছুফিয়ান বিন আব্দুল্লাহ আচ-ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
(মুছলিম, আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})