Hadith for the World
হৃদয়গ্ৰাহী উপদেশ তথা নছিহত

অন্তৰৰ আমলসমূহ

14 hadiths

14 hadiths

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।(মুছলিম)
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ তিনি দিন পূৰ্বে মই তেখেতৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।"(মুছলিম)
নাওৱাছ বিন ছামআন আল-আনচাৰী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।(মুছলিম)
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানুহে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেইমতেই বিবেচিত হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।” আনহাতে বুখাৰীৰ বাক্যত আছেঃ “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।"(মুছলিম)
ইয়াজ ইবনু হিমাৰ বনী মুজাশ্বিঈৰ ভাতৃ, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ ভাষণ প্ৰদান কৰিলে। এই হাদীছটো এটা ডাঙৰ হাদীছৰ অংশ, তাত তেখেতে কৈছেঃ "মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।"(মুছলিম)
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه عن رسول الله صلى الله عليه وسلم قال: «النَّاسُ مَعَادِن كَمَعَادِن الذَّهَب وَالفِضَّة، خِيَارُهُم فِي الجَاهِلِيَّة خِيَارُهُم فِي الإِسْلاَم إِذَا فَقُهُوا، والأَرْوَاحُ جُنُودٌ مُجَنَّدَة، فَمَا تَعَارَفَ مِنْهَا ائتَلَفَ، وَمَا تَنَاكَرَ مِنْهَا اخْتَلَفَ». وعن أبي هريرة رضي الله عنه قال: قال رسول الله -صلى الله عليه وسلم: «تَجِدُون النَّاسَ مَعَادِن: خِيَارُهُم فِي الجَاهِليَّة خِيَارُهُم فِي الإِسْلاَم إِذَا فَقِهُوا، وَتَجِدُون خِيَار النَّاس فِي هَذَا الشَّأْن أَشَدُّهُم كَرَاهِيَة لَه، وَتَجِدُون شَرَّ النَّاس ذَا الوَجْهَين، الَّذِي يَأْتِي هَؤُلاَء بِوَجه، وَهَؤُلاَء بِوَجْه».الحديث الأول: متفق عليه، ولفظه لمسلم؛ وروى البخاري أوله، وروى آخره عن عائشة -رضي الله عنها-. الحديث الثاني: متفق عليه
আব্দুল্লাহ ইবনে উকাইম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।”(তিৰমিজী) - (আহমদ)
عن ابن عباس حسبنا الله ونعم الوكيل: «قالها إبراهيم عليه السلام حين أُلقي في النار، وقالها محمد صلى الله عليه وسلم حين قالوا: {إن الناس قد جمعوا لكم فاخشوهم فزادهم إيمانا، وقالوا: حسبنا الله ونعم الوكيل} [آل عمران: 173]».رواه البخاري
عن جابر قال: قال رسول الله صلى الله عليه وسلم: «إذا قضى أحدكم الصلاة في مسجده فليجعل لبيته نصيبًا من صلاته، فإن الله جاعلٌ في بيته من صلاته خيرًا».رواه مسلم
উম্মে ছালামাহ উম্মুল মুনিনীন ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।" উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, আবু ছালামাতকৈ উত্তম আৰুনো কাক পাম? তেৱেঁই প্ৰথম ব্যক্তি যিয়ে সপৰিয়ালে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ হিজৰত কৰিছিল। ইয়াৰ পিছতো মই দুআটো নিয়মিত পাঠ কৰিলোঁ, ফলত আল্লাহে মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে স্বামী দান কৰিলে।(মুছলিম)