Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 70 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ তাআলাই কৈছেঃ নিশ্চয় তেওঁ অংশীদাৰকাৰীসকলৰ অংশীদাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। তেওঁ সকলো বস্তুৰ পৰা অমুখাপেক্ষী। মানুহে যেতিয়া কোনো নেক কাম কৰে আৰু সেই আমলত আল্লাহৰ লগত আনকো যদি চামিল কৰে তেন্তে আল্লাহে সেই আমলক পৰিত্যাগ কৰে আৰু সেইটো কবূল নকৰে, আৰু আমলকাৰীৰ পিনে সেই আমল দলিয়াই দিয়ে। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আমল কৰিব লাগে। কাৰণ আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে আন কোনো আমল গ্ৰহণ নকৰে।

Source
(মুছলিম)
Download image

Saved at original quality