Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 60 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব। আনহাতে যি ব্যক্তিয়ে কোনো ভ্রষ্টতাৰ ফালে আহ্বান কৰিব, সি সেই ব্যক্তিৰ সমানেই গুনাহৰ অধিকাৰী হ'ব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। কিন্তু সিহঁতৰ গুনাহৰ পৰিমাণ হ্ৰাস নহ'ব।”»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক সত্য তথা কল্যাণৰ পথ দেখুৱাব, তেওঁ সেই পথত পৰিচালিত লোকসকলৰ সমপৰিমাণ ছোৱাব লাভ কৰিব আৰু তেওঁলোকৰ ছোৱাবো হ্ৰাস নহ'ব। ইয়াৰ বিপৰীতে যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক কোনো বেয়া কৰ্ম, গুনাহ তথা হাৰাম পথ দেখুৱাব, সি সেই পথত পৰিচালিত হোৱা লোকসকলৰ সমপৰিমাণ গুনাহৰ অধিকাৰী হ'ব, লগতে অনুসাৰীসকলৰ গুনাহো কম কৰা নহ'ব।

Source
(মুছলিম)
Download image

Saved at original quality