Hadith for the World
Tap the image to view it full size
আক্বীদাহ

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 55 languages
«জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই। এক মাহ পথৰ দূৰত্বৰ পৰা (কাফিৰ-মুশ্বৰিকসকলৰ অন্তৰত) আতংক (সৃষ্টি)ৰ দ্বাৰা মোক সহায় কৰা হৈছে। মোৰ বাবে সমগ্ৰ ভূ-পৃষ্ঠক পৱিত্ৰকাৰী আৰু ছাজদাৰ স্থান বনাই দিয়া হৈছে। এতেকে মোৰ উম্মতৰ কোনো ব্যক্তিয়ে যেতিয়া ছালাতৰ সময়ত উপনীত হ'ব, সি তেতিয়াই সেই ঠাইতেই ছালাত আদায় কৰিব। মোৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল কৰা হৈছে, ইতিপূৰ্বে আন কোনো উম্মতৰ বাবে সেয়া হালাল নাছিল। মোক শ্বাফাআতৰ অনুমতি দিয়া হৈছে। এইদৰে আন আন নবীসকলক কেৱল নিজ নিজ সম্প্ৰদায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, কিন্তু মোক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে তেখেতক এনেকুৱা পাঁচটা গুণ প্ৰদান কৰিছে যিবোৰ তেখেতৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাছিল। প্ৰথমঃ মোক প্ৰভাৱ প্ৰদান কৰি সহায় কৰা হৈছে, এনেকুৱা প্ৰভাৱ যিয়ে মোৰ শত্ৰুসকলৰ অন্তৰত আতংক সৃষ্টি কৰে, যদিও মোৰ আৰু তাৰ মাজত এক মাহৰ দূৰত্ব থাকে তথাপিও তাক আতংকিত কৰে। দ্বিতীয়ঃ আমাৰ বাবে গোটেই পৃথিৱীক ছাজদাহ কৰিব পৰা ঠাই বনাই দিছে। গতিকে আমি য'তেই থাকোঁ ততেই নামাজ পঢ়িব পাৰোঁ। এইদৰে ইয়াৰ মাটিকো পৱিত্ৰ কৰি দিছে, পানী নথকা অৱস্থাত মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি। তৃতীয়ঃ যুদ্ধলব্ধ সম্পদ আমাৰ বাবে হালাল কৰিছে। এইটো হৈছে সেই সম্পদ যিটো কাফিৰসকলৰ সৈতে যুদ্ধ কৰি মুছলিমসকলে সংগ্ৰহ কৰে। চতুৰ্থঃ মোক মহা শ্বাফাআত দান কৰা হৈছে। যাতে মানুহক কিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতিৰ পৰা সকাহ দিব পাৰোঁ। পঞ্চমঃ মোক গোটেই মানৱ আৰু জিন জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। অথচ মোৰ পূৰ্বৱৰ্তী নবীসকলক কেৱল তেওঁলোকৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছিল।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality