135 hadiths
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})