Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 62 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহেও আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। যিদৰে মুমিনসকলে আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। আল্লাহৰ আত্মসন্মানত আঘাত লাগে তেতিয়া যেতিয়া কোনো মুমিন ব্যক্তিয়ে আল্লাহে হাৰাম কৰা কামত লিপ্ত হয়। যেনে- ব্যভিচাৰ, সমকামিতা, চুৰি, মাদকদ্ৰৱ্য সেৱন আদি অশ্লীলতাত যেতিয়া লিপ্ত হয়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality