Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

Available in 55 languages
«আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।»

Meaning translation ·

Explanation

The meaning in a few plain lines

মৰুভূমিত বসবাস কৰা এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, কিয়ামত কেতিয়া সংঘটিত হ'ব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি ইয়াৰ বাবে কি কি নেক আমল কৰিছা? প্ৰশ্নকৰ্তাই উত্তৰত ক'লেঃ মই ইয়াৰ বাবে কোনো ডাঙৰ আমল কৰা নাই, কিন্তু এইটো নিশ্চিত যে, মই আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত মুহাব্বত কৰোঁ। ব্যক্তিজনে ইয়াৰ বাহিৰে বেলেগ কোনো আন্তৰিক, শাৰীৰিক বা আৰ্থিক ইবাদত সম্পৰ্কে একো উল্লেখ কৰা নাই। কাৰণ এই সকলোবোৰ হৈছে মুহাব্বতৰ শাখা-প্ৰশাখা। কিয়নো প্ৰকৃত মুহাব্বতে ব্যক্তিক নেক আমল কৰিবলৈ উৎসাহিত কৰে তথা প্ৰেৰণা দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ নিশ্চিতভাৱে তুমি জান্নাতত তেওঁৰেই সংগ লাভ কৰিবা, যাক তুমি ভালপোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই সুসংবাদ শুনি চাহাবাসকলে অত্যন্ত আনন্দিত হ'ল। হাদীছটোৰ শেষত বৰ্ণনাকাৰী আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ময়ো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভালপাওঁ, লগতে আবু বকৰ আৰু ওমৰকো ভাল পাওঁ। সেয়ে আশা কৰোঁ, তেওঁলোকৰ সংগী হোৱাৰ সৌভাগ্য লাভ কৰিম। যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality