Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

ছুহাইব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

Available in 60 languages
«ছুহাইব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনৰ অৱস্থাকলৈ সৎ উদ্দেশ্যে আশ্চৰ্য্য প্ৰকাশ কৰিছে। কাৰণ মুমিনৰ প্ৰতিটো অৱস্থাই হৈছে কল্যাণকৰ, আৰু এই সুবিধা মুমিনৰ বাহিৰে আন কাৰো নাই। মুমিনে যদি আনন্দ লাভ কৰে তেন্তে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ফলত তেওঁ ইয়াৰ প্ৰতিদান লাভ কৰে। আনহাতে মুমিনক যদি কোনো বিপদ-আপদে স্পৰ্শ কৰে, তেন্তে ইয়াৰ বিনিময়ত তেওঁ আল্লাহৰ ওচৰত ছোৱাব কামনা কৰে। ইয়াৰ ফলত তেওঁ ধৈৰ্য্য আৰু ছোৱাব লাভ কৰে। গতিকে সকলো অৱস্থাতে তেওঁ ছোৱাব লাভ কৰে।

Source
(মুছলিম)
Download image

Saved at original quality