Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 40 languages
«উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক জানাযাৰ পিছে পিছে খোঁজকাঢ়ি যাবলৈ নিষেধ কৰিছে। কাৰণ তেওঁলোকৰ দ্বাৰা ফিতনা হোৱাৰ আশংকা আছে আৰু ফিতনাত পৰাৰো আশংকা আছে, লগতে তেওঁলোকৰ ধৈৰ্য্য কম। ইয়াৰ পিছত উম্মু আতিয়্যাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যান্য নিষেধাজ্ঞাৰ দৰে এই ক্ষেত্ৰত সিমান গুৰুত্ব সহকাৰে নিষেধ কৰা নাছিল।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality