ফিকহ আৰু উচুলে ফিক্হ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 47 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"»Meaning translation ·
Saved at original quality








