Hadith for the World
তাহাৰাত বা পৱিত্ৰতা

অজু

8 hadiths

8 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"(মুছলিম)
عن أبي هريرة رضي الله عنه مرفوعًا: «إِذَا لَبِسْتُم، وَإِذَا تَوَضَّأتُم، فَابْدَأُوا بَأَيَامِنُكُم».رواه أبو داود واللفظ له، والترمذي وابن ماجه وأحمد
عن أبي هريرة رضي الله عنه قال قال رسول الله صلى الله عليه وسلم : ((إن أمتي يُدْعَون يوم القيامة غُرًّا مُحَجَلِّين من آثار الوُضُوء)). فمن اسْتَطَاع منكم أن يُطِيل غُرَّتَه فَليَفعل. وفي لفظ لمسلم: ((رأَيت أبا هريرة يتوضَّأ، فغسل وجهه ويديه حتى كاد يبلغ المنكبين، ثم غسل رجليه حتى رَفَع إلى السَّاقين، ثم قال: سمعت رسول الله صلى الله عليه وسلم يقول: إنَّ أمتي يُدْعَون يوم القيامة غُرًّا مُحَجَّلِين من آثار الوُضُوء)) فمن استطاع منكم أن يطيل غُرَّتَه وتَحْجِيلَه فَليَفعَل. وفي لفظ لمسلم: سمعت خليلي صلى الله عليه وسلم يقول: ((تَبْلُغ الحِليَة من المؤمن حيث يبلغ الوُضُوء)).الرواية الأولى: متفق عليه. الرواية الثانية: رواها مسلم. الرواية الثالثة: رواها مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উচমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যিয়ে উত্তমৰূপে ভালকৈ অজু কৰে, তাৰ শৰীৰৰ পৰা পাপ সৰি পৰে। আনকি আঙুলিৰ নখৰ তলৰ পৰাও ওলাই আহে।(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে, তেতিয়া তেওঁ যেন তিনিবাৰ নিজৰ নাকত পানী সোমোৱাই দি নাক পৰিষ্কাৰ কৰে। কাৰণ চয়তানে তাৰ নাকৰ ভিতৰত ৰাতি অতিবাহিত কৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই বনী মুন্তাফিকৰ প্ৰতিনিধি দলৰ নেতা হৈ অথবা তেওঁ কৈছিল সেই প্ৰতিনিধি দলৰ সদস্য হৈ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিলোঁ। যেতিয়া আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওঅছাল্লামৰ ঘৰত আহি উপস্থিত হ'লোঁ, তাত আমি তেখেতক লগ নাপালোঁ, কিন্তু তাত উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পালোঁ। তেওঁ আমাৰ বাবে খাঝিৰাহ (এক প্ৰকাৰ খাদ্য) তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে। ফলত আমাৰ বাবে খাদ্য প্ৰস্তুত কৰা হ'ল আৰু আমাৰ সন্মুখত ক্বিনা (খেজুৰ ভৰ্তি এটা পাত্ৰ) পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ'ল আৰু তেখেতে সুধিলে, "তোমালোকক কিবা খাবলৈ দিয়া হৈছিলনে?" অথবা তেখেতে কৈছিলঃ তোমালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলনে? আমি ক'লোঁ, "হয়, হে আল্লাহৰ ৰাছুল।" বৰ্ণনাকাৰীয়ে কৈছেঃ আমি তেখেতৰ সৈতে বহি আছিলোঁ, এনেতে এজন ৰাখোৱালে ভেৰা ছাগলী লৈ গোহালীত আহি উপস্থিত হ'ল। সেইবোৰৰ লগত এটা পোৱালিও আছিল যিটো চিঞৰি আছিল। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে, "হে অমুক! কি পোৱালি হৈছে?" ৰখীয়াই ক'লে, "মাইকী পোৱালী।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তেন্তে আমাৰ বাবে ইয়াৰ পৰিবৰ্তে বেলেগ এটা ছাগলী জবেহ কৰা।" ইয়াৰ পিছত তেখেতে ক'লে, "এইটো নাভাবিবা যে, এইটো তোমাৰ বাবে জবেহ কৰা হৈছে। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰিব বিচৰা নাই। সেয়ে যেতিয়াই কোনো এটা পোৱালী জন্ম হয়, তেতিয়াই আমি সেইটোৰ বিপৰীতে এটা ছাগলী জবেহ কৰোঁ।" বৰ্ণনাকাৰীয়ে কৈছে, মই ক'লোঁ, "হে আল্লাহৰ ৰাছুল! মোৰ এগৰাকী পত্নী আছে, তাই কেতিয়াবা অশ্লীল ভাষা কয়।" তেখেতে ক'লে, "তেন্তে তাইক তালাক দি দিয়া।" মই ক'লোঁ, "তাইৰ সৈতে মোৰ বহু বছৰৰ সংসাৰ আৰু তাইৰ পৰা মোৰ সন্তানো আছে।" তেতিয়া তেখেতে ক'লে, "তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই সংশোধন হৈ যাব, আৰু শুনা! স্ত্ৰীক কেতিয়াও দাসীৰ দৰে প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত মই সুধিলোঁ, "হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক।" তেখেতে ক'লে, "পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।رواه أبو داود والترمذي والنسائي وابن ماجه
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)