ফিকহ আৰু উচুলে ফিক্হ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 53 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"»Meaning translation ·
Saved at original quality








