Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

Available in 61 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, গুনাহগাৰ মুছলিম ব্যক্তিক আল্লাহে ক্ষমা কৰি দিব বুলি আশা কৰিব পাৰি, কিন্তু যিয়ে গুনাহ কৰাৰ পিছত গৌৰৱ কৰি সেইটো গাই ফুৰে, সেই ব্যক্তি ক্ষমাৰ যোগ্য নহয়। কিয়নো সি ৰাতিৰ অন্ধকাৰত কিবা এটা গুনাহ কৰিছে যিটোক আল্লাহে গোপন কৰি ৰাখিছে, কিন্তু ৰাতিপুৱা উঠি বেলেগক কৈ ফুৰে যে, মই যোৱা ৰাতি এই এই গুনাহ কৰিছোঁ। ৰাতিত কৰা যি গুনাহটো আল্লাহে গোপন ৰাখিছিল, পুৱাই উঠি সি আল্লাহৰ সেই পৰ্দাক আৱৰণমুক্ত কৰি দিয়ে।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality