Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 39 languages
«ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে দৈনিক এহেজাৰ নেকী অৰ্জন কৰিব নোৱাৰিবানে? উপস্থিত লোকসকলৰ মাজৰ এজনে ক'লেঃ কিদৰে ইমান সহজে দৈনিক এহেজাৰ নেকী অৰ্জন কৰাটো সম্ভৱ? তেখেতে ক'লেঃ যিয়ে এশবাৰ ছুবহানাল্লাহ পাঠ কৰিব, তাৰ বাবে এহেজাৰ নেকী লিপিবদ্ধ কৰা হ'ব। কাৰণ এটা নেকীৰ বিনিময়ত দহটা নেকী প্ৰদান কৰা হয়। নাইবা তাৰ এহেজাৰ গুনাহ ক্ষমা কৰি দিয়া হ'ব।

Source
(মুছলিম)
Download image

Saved at original quality