Hadith for the World
দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

মহান আল্লাহক স্মৰণ কৰাৰ উপকাৰসমূহ

8 hadiths

8 hadiths

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ “যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"(মুছলিম)
আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কাআব বিন উজৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।"(মুছলিম)
عن زيد مولى رسول الله صلى الله عليه وسلم قال: قال رسول الله صلى الله عليه وسلم : «من قال: أَسْتَغْفِرُ الله الذي لا إله إلا هو الحَيَّ القيَّومَ وأتوب إليه، غُفرت ذنوبه، وإن كان قد فَرَّ من الزَّحْف».رواه أبو داود والترمذي
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})