Hadith for the World
দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

প্ৰমাণিত দুআসমূহ

18 hadiths

18 hadiths

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিলঃ "আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।"متفق عليه، وهذا لفظ مسلم ورواه البخاري مختصرًا
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে এই বুলি দুআ কৰিছিল: "হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে পাঠ কৰিছিলঃ উচ্চাৰণঃ আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আমৰী। ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআশ্বী। ওৱা আচলিহ লী আখিৰাতী আল্লাতী ফীহা মাআদী। অজআলিল হায়াতা ঝিয়াদাতান লী ফী কুল্লি খাইৰ। অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ। অৰ্থঃ “হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া।”(মুছলিম)
আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পঢ়ি দুআ কৰিছিলঃ "ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও পুৱা গধূলি এই দুআটো পাঠ নকৰাকৈ থকা নাছিল। উচ্চাৰণঃ "আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”। অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।(আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।" অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ অপসৰণৰ পৰা, নিৰাপত্তাৰ পৰিবৰ্তনৰ পৰা, আকস্মিক কৰায়ত্বৰ পৰা আৰু যাৱতীয় অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।(মুছলিম)
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিছিলঃ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।(নাছায়ী, আহমদ)
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ঝায়েদ ইবনে আৰক্বাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই তোমালোকক তেনেকৈয়ে কম যিদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল, তেখেতে এইদৰে পাঠ কৰিছিলঃ "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।(মুছলিম)
عن أبي هريرة-رضي الله عنه مرفوعاً: «اللهم إني أعوذ بك من الجوع، فإنه بِئْسَ الضَّجِيعُ،وأعوذُ بِكَ منَ الخِيَانَةِ، فَإنَّهَا بِئْسَتِ البِطَانَةُ».رواه أبو داود والنسائي وابن ماجه
عن أنس بن مالك رضي الله عنه قال: كان رسول الله صلى الله عليه وسلم يقول: «اللهم إني أعوذ بك من العَجْزِ، والكَسَلِ، وَالجُبْنِ، والهَرَمِ، والبخل، وأعوذ بك من عذاب القبر، وأعوذ بك من فتنة المحيا والممات». وفي رواية: «وَضَلَعِ الدَّيْنِ، وَغَلَبَةِ الرِّجَالِ».متفق عليه. والرواية الثانية رواها البخاري دون مسلم
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছেঃ "কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।"(মুছলিম)
عن أبي هريرة رضي الله عنه مرفوعاً: «تعوذوا بالله من جَهْدِ البلاء، وَدَرَكِ الشقاء، وسوء القضاء، وشماتة الأعداء». وفي رواية قال سفيان: أشك أني زدت واحدة منها.متفق عليه
عن أنس بن مالك رضي الله عنه قال: كَانَ رَسُولُ اللهِ -صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ- يَقُولُ: «اللهم إني أعوذ بك من البَرَصِ، والجُنُونِ، والجُذَامِ، وَسَيِّئِ الأسْقَامِ».رواه أبو داود والنسائي وأحمد
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।" এই হাদীছটো বৰ্ণনা কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো পাঠ কৰিছিলঃ "আল্লাহুম্মা মুচাৰ্ৰিফাল ক্বুলূব, চাৰ্ৰিফ ক্বুলুবানা আলা ত্বআতিক।"(মুছলিম)
عن ابن عباس رضي الله عنهما ، قال: كان النبيُّ صلى الله عليه وسلم يدعو: «ربِّ أَعِنِّي ولا تُعِن عليَّ، وانصرني ولا تنصر عليَّ، وامكر لي ولا تمكر عليَّ، واهدني ويسِّر هُدايَ إليَّ، وانصرني على مَن بغى عليَّ، اللهم اجعلني لك شاكرًا، لك ذاكرًا، لك راهبًا، لك مِطواعًا، إليك مُخْبِتًا، أو مُنِيبا، رب تقبَّل توبتي، واغسل حَوْبتي، وأجب دعوتي، وثبِّت حُجَّتي، واهدِ قلبي، وسدِّد لساني، واسْلُلْ سَخِيمةَ قلبي».رواه أبو داود والترمذي وابن ماجه وأحمد
عن أبي بكر الصديق رضي الله عنه: أنه قال لرسول الله صلى الله عليه وسلم: علمني دعاء أدعو به في صلاتي، قال: "قل: اللهم إني ظلمت نفسي ظلما كثيرا، ولا يغفر الذنوب إلا أنت، فاغفر لي مغفرة من عندك، وارحمني إنك أنت الغفور الرحيم".متفق عليه
عَنْ أَبِي مَالِكٍ الْأَشْجَعِيُّ عَنْ أَبِيهِ قَالَ: كَانَ الرَّجُلُ إِذَا أَسْلَمَ عَلَّمَهُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ الصَّلَاةَ، ثُمَّ أَمَرَهُ أَنْ يَدْعُوَ بِهَؤُلَاءِ الْكَلِمَاتِ: «اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَعَافِنِي وَارْزُقْنِي». وَفِي رِوَايَةٍ: أَنَّهُ سَمِعَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَأَتَاهُ رَجُلٌ، فَقَالَ: يَا رَسُولَ اللهِ كَيْفَ أَقُولُ حِينَ أَسْأَلُ رَبِّي؟ قَالَ: «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَعَافِنِي وَارْزُقْنِي» وَيَجْمَعُ أَصَابِعَهُ إِلَّا الْإِبْهَامَ «فَإِنَّ هَؤُلَاءِ تَجْمَعُ لَكَ دُنْيَاكَ وَآخِرَتَكَ».رواه مسلم