Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

Available in 48 languages
«আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।" এই হাদীছটো বৰ্ণনা কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো পাঠ কৰিছিলঃ "আল্লাহুম্মা মুচাৰ্ৰিফাল ক্বুলূব, চাৰ্ৰিফ ক্বুলুবানা আলা ত্বআতিক।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আদম সন্তানৰ অন্তৰসমূহ ৰহমানৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে ৰাখি থোৱা আছে। তেওঁ যিদৰে ইচ্ছা কৰে সেই অন্তৰবোৰক ওলট-পালট কৰে। তেওঁ ইচ্ছা কৰিলে সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, অন্যথা তেওঁ ইচ্ছা কৰিলে সত্যৰ পৰা আঁতৰাই দিয়ে। তেওঁ গোটেই অন্তৰবোৰক এটা অন্তৰৰ দৰে ওলট-পালট কৰিব পাৰে। এই হাদীছটো বৰ্ণনা কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিলঃ হে আল্লাহ! অন্তৰ পৰিবৰ্তনকাৰী, তুমি কেতিয়াবা অন্তৰক আনুগত্যৰ ফালে পৰিবৰ্তন কৰি দিয়া আকৌ কেতিয়াবা গুনাহৰ ফালে পৰিবৰ্তন কৰি দিয়া, কেতিয়াবা তুমি জিকৰ-আজকাৰৰ ফালে কৰি দিয়া আকৌ কেতিয়াবা অমনোযোগিতাৰ ফালে। গতিকে তুমি আমাৰ অন্তৰসমূহক তোমাৰ আনুগত্যৰ ফালেই ৰাখিবা।

Source
(মুছলিম)
Download image

Saved at original quality