Hadith for the World
দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

পুৱা-গধূলি পঢ়িবলগীয়া আজকাৰ

4 hadiths

4 hadiths

عن عبد الله بن مسعود رضي الله عنه قال: كان نبي الله صلى الله عليه وسلم إذا أمسى قال: «أمسينا وأمسى الملك لله، والحمد لله، لا إله إلا الله وحده لا شريك له» قال الراوي: أَرَاهُ قال فِيهِنَّ: «له الملك وله الحمد وهو على كل شيء قدير، ربِّ أسألك خير ما في هذه الليلة وخير ما بعدها، وأعوذ بك من شر ما في هذه الليلة وشر ما بعدها، رب أعوذ بك من الكسل، وسُوءِ الكِبَرِ، رب أعوذ بك من عذاب في النار، وعذاب في القبر»، وإذا أصبح قال ذلك أيضا «أصبحنا وأصبح الملك لله».رواه مسلم
শ্বাদ্দাদ বিন আউছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাইয়্যেদুল ইস্তিগফাৰ হৈছে, এইদৰে কোৱাঃ "আল্লাহুম্মা আনতা ৰাব্বী লা ইলাহা ইল্লা আনতা, খালাকতানী ওৱা আনা আব্দুক, ওৱা আনা আলা আহদিক, ওৱা অ'দিকা মাস্তা'ত্বতু, আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু, আবুউ লাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুউ লাকা বিজান্বী ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ্জুনূবা ইল্লা আনতা।" তেওঁ কৈছেঃ "যিয়ে ইয়াৰ প্ৰতি বিশ্বাস কৰি দিনত এইটো পাঠ কৰিব, সন্ধিয়া হোৱাৰ আগতেই যদি সি মৃত্যুবৰণ কৰে, তেন্তে সি হ'ব জান্নাতৰ অধিবাসী। আনহাতে যদি ইয়াৰ ওপৰত বিশ্বাস কৰি ৰাতিত পাঠ কৰে তেন্তে প্ৰভাত হোৱাৰ আগতে যদি সি মৃত্যুবৰণ কৰে তেন্তে সি জান্নাতৰ অধিবাসী।"(বুখাৰী)
আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"(আবু দাঊদ, তিৰমিজী, নাছায়ী)
আবু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})