Hadith for the World
দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

দুআ কবূল হোৱা আৰু প্ৰত্যাখ্যান হোৱাৰ কাৰণসমূহ

4 hadiths

4 hadiths

আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"(আবু দাঊদ, তিৰমিজী, নাছায়ী)
عن جابر رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول: «إن في الليل لساعة، لا يُوَافِقُهَا رجُلٌ مُسلم يَسأل الله تعالى خيرًا من أمْرِ الدنيا والآخرة، إلا أعْطَاه إِياه، وذلك كُلَّ ليلة».رواه مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছাজদাহ অৱস্থাত বান্দা প্ৰতিপালকৰ আটাইতকৈ নিকটৱৰ্তী থাকে। গতিকে সেই সময়ত তোমালোকে বেছি বেছি দুআ কৰিবা।(মুছলিম)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"(আবু দাঊদ, তিৰমিজী, নাছায়ী)