Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

Available in 55 languages
«আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ ৰাতিৰ শেষ তৃতীয়াংশত বান্দাৰ একেবাৰে নিকটৱৰ্তী হয়। গতিকে হে মুমিন ব্যক্তি! যদি তুমি তাওফীক পোৱা তথা সক্ষম হোৱা তেন্তে সেই ইবাদতকাৰী, জিকৰ-আজকাৰকাৰী আৰু তাওবাকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা, যিসকলে সেই সময়ত এইবোৰ ইবাদতত ব্যস্ত থাকে। কাৰণ এইটো খুবেই গুৰুত্বপূৰ্ণ সময়, ইয়াৰ সদ্ব্যৱহাৰ কৰা উচিত, তথা অধ্যৱসায় কৰা উচিত।

Source
(আবু দাঊদ, তিৰমিজী, নাছায়ী)
Download image

Saved at original quality