Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পঢ়ি দুআ কৰিছিলঃ

Available in 54 languages
«আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পঢ়ি দুআ কৰিছিলঃ "ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গভীৰ অৰ্থপূৰ্ণ দুআটো পাঠ কৰিছিলঃ হে মোৰ প্ৰতিপালক, মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, যিবোৰ মই অনিচ্ছাকৃতভাৱে কৰিছোঁ। লগতে যিবোৰ ক্ষেত্ৰত মোৰ দ্বাৰা সীমালংঘন হৈছে, সেইবোৰ তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! যিবোৰ গুনাহ সম্পৰ্কে মই পাহৰি গৈছোঁ, কিন্তু তুমিতো ভালকৈয়ে জানা। হে আল্লাহ! জানি বুজি ইচ্ছাকৃতভাৱে মোৰ দ্বাৰা যিবোৰ গুনাহ হৈছে সেইবোৰ গুনাহো তুমি ক্ষমা কৰি দিয়া। হাঁহি ধেমালিতে হোৱা গুনাহকো তুমি ক্ষমা কৰি দিয়া। আনকি মোৰ সকলো দোষ-ত্ৰুটি তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া। যিবোৰ মই গোপনে কৰিছিলোঁ আৰু যিবোৰ মই প্ৰকাশ্যভাৱে কৰিছিলোঁ। তুমিয়েই আগুৱাই দিয়াৰ অধিকাৰী আৰু তুমিয়েই পিছুৱাই দিয়াৰ অধিকাৰী, তুমি যাক ইচ্ছা কৰা, তাক তুমি তোমাৰ ৰহমতৰ পিনে আগুৱাই দিয়া আৰু তাৰ প্ৰতি তুমি সন্তুষ্ট হোৱা। আনহাতে তুমি যাক ইচ্ছা কৰা পিছুৱাই দিয়া আৰু অপদস্থ কৰা। গতিকে তুমি যাক পিছুৱাই দিছা, তাক আগুৱাই দিব পৰা কোনো নাই। পক্ষান্তৰে যাক তুমি আগুৱাই দিছা, তাক পিছুৱাই দিব পৰা কোনো নাই। তুমিয়েই সৰ্বশক্তিমান, সকলো ক্ষেত্ৰতে তুমি ক্ষমতাৱান। তুমি যিটো বিচৰা সেইটোৱে কৰিব পাৰা।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality