ফজীলত আৰু শিষ্টাচাৰসমূহ
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
Available in 61 languages
«জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ “যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"»Meaning translation ·
Saved at original quality








