Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ঝুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 41 languages
«ঝুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বৰ্ণনা কৰিছে যে, মানুহে যিকোনো কাম কৰি নিজে উপাৰ্জন কৰি খোৱা উচিত, যদিও সেয়া খৰি বিচাৰি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰিবলগীয়াই নহওক কিয়। তেওঁ সেই টকাৰে জীৱন-যাপন কৰা উচিত আৰু দান খয়ৰাত কৰা উচিত, লগতে মানুহৰ মুখাপেক্ষী হোৱাৰ পৰা বিৰত থকা উচিত তথা ভিক্ষাবৃত্তি পৰিত্যাগ কৰা উচিত। মানুহে দিয়ক বা নিদিয়ক, মানুহৰ ওচৰত খুজি মাগি খোৱাতকৈ এইটো কৰাই বেছি উত্তম। কাৰণ মানুহৰ ওচৰত খুজি মাগি খোৱাটো হৈছে এটা অপমানজনক কৰ্ম। মুমিন হৈছে সন্মানীয় ব্যক্তি, লাঞ্ছিত বা অপমানিত হ'বলগীয়া নহয়।

Source
(বুখাৰী)
Download image

Saved at original quality