Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 71 languages
«আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আত্মীয়তাৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি সেইজন নহয়, যিয়ে উপকাৰৰ প্ৰতিদান কামনা কৰে। বৰং আদৰ্শ ব্যক্তি হৈছে সেইজন, যিয়ে বিপৰীত ফালৰ পৰা আত্মীয়তাৰ সম্পৰ্ক ছিন্ন হোৱাৰ পিছতো সেই সম্পৰ্কক অটুট ৰখাৰ চেষ্টা কৰে। আনকি তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ পিছতো তেওঁ সদ্ব্যৱহাৰ কৰাৰ যত্ন কৰে।

Source
(বুখাৰী)
Download image

Saved at original quality