Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ঝায়েদ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 49 languages
«ঝায়েদ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালে, ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজৰ বাবে থিয় দিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে ঝায়েদ বিন ছাবিতক সুধিলে যে, ছাহৰী শেষ হোৱাৰ পিছত আজান হোৱালৈকে কিমান ব্যৱধান আছিল? তেতিয়া ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মধ্যম গতিত পঞ্চাছ আয়াত পাঠ কৰিব পৰা পৰিমাণ সময়। ইমান দীঘল আয়াতো নহয় আৰু চুটি আয়াতো নহয়, দ্ৰুত গতিতো নহয় আৰু ধীৰ গতিতো নহয়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality