Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ

Available in 54 languages
«ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে (ৰমাজানৰ) জোন দেখি ৰোজা আৰম্ভ কৰিবা আৰু (শ্বাওৱালৰ) জোন দেখি ৰোজা এৰিবা। যদি উদয়স্থল ডাৱৰীয়া হৈ থাকে তেন্তে হিচাপ অনুযায়ী অনুমান কৰিবা।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ আৰম্ভণি আৰু অন্ত সম্পৰ্কে অৱগত কৰিছে। তেখেতে কৈছেঃ যেতিয়া তোমালোকে ৰমাজান মাহৰ জোন দেখিবা তেতিয়া ৰোজা ৰখা আৰম্ভ কৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে শ্বাবান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা। আনহাতে যদি শ্বাওৱাল মাহৰ জোন দেখা পোৱা তেন্তে ৰোজা এৰিবা। কিন্তু যদি আকাশ ডাৱৰীয়া হৈ থকাৰ কাৰণে জোন দেখা নোপোৱা তেন্তে ৰমাজান মাহৰ ত্ৰিছ দিন পূৰ্ণ কৰিবা।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality