ফজীলত আৰু শিষ্টাচাৰসমূহ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত
Available in 70 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।»Meaning translation ·
Saved at original quality








