Hadith for the World
ফজীলতসমূহ

জিকৰ-আজকাৰৰ গুৰুত্ব

10 hadiths

10 hadiths

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"(তিৰমিজী, ইবনে মাজাহ, আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"(মুছলিম)
আল-আগাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী আছিল, তেওঁ বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي ذر الغفاري رضي الله عنه عن النبي صلى الله عليه وسلم قال: «ألاَ أُخْبِرُكَ بِأَحَبِّ الكَلاَمِ إِلَى اللهِ؟ إنَّ أَحَبَّ الكلام إِلى الله: سبحان اللهِ وبحمدِهِ».رواه مسلم
عن أبي هريرة رضي الله عنه مرفوعاً: «والذي نفسي بيده، لو لم تذنبوا، لذهب الله بكم، وجاء بقوم يُذْنِبُونَ، فيستغفرون اللهَ تعالى، فيغفر لهم».رواه مسلم
عن أبي سعيد الخدري رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : "الْبَاقِيَاتُ الصَّالِحَاتُ، لَا إلَهَ إلَّا اللَّهُ، وَسُبْحَانَ اللَّهِ، وَاَللَّهُ أَكْبَرُ، وَالْحَمْدُ لِلَّهِ، وَلَا حَوْلَ وَلَا قُوَّةَ إلَّا بِاَللَّهِ".رواه ابن حبان والحاكم، أما النسائي فرواه في الكبرى لكن من حديث أبي هريرة
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।(মুছলিম)
উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।(মুছলিম)