Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

Available in 62 languages
«আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নামাজৰ আজান শুনিব, তেওঁ মুআজ্জিনৰ পিছে পিছে সেইখিনি কথাকে ক'ব লাগে যিখিনি কথা মুআজ্জিনে কয়, কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ বাহিৰে। কিয়নো ইয়াৰ পিছত "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। আজান শেষ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে। কাৰণ যিয়ে তেখেতৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত বৰ্ষণ কৰে। এইদৰে বান্দাৰ প্ৰতি আল্লাহৰ চালাতৰ অৰ্থ হৈছে, আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত বান্দাৰ প্ৰশংসা কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ বাবে অছীলাহ তলব কৰিবলৈ কৈছে। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ তথা সুউচ্চ স্থান। সেইখন কেৱলমাত্ৰ এজন বান্দাইহে লাভ কৰিব। তেখেতে কৈছে, আশা কৰোঁ সেইজন কিজানি ময়ে হম। এই কথাষাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বিনয় সহকাৰে কৈছিল। কিয়নো সেই উচ্চ স্থান যদি কেৱল এজন বান্দাৰ বাবেই নিৰ্দিষ্ট হয়, তেন্তে সেইখন তেখেতৰ বাহিৰে আন কাৰো হ'বই নোৱাৰে, কাৰণ তেখেত হৈছে সকলো সৃষ্টিৰ মাজত সৰ্বোৎকৃষ্ট। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰিব, তেওঁ তেখেতৰ শ্বাফাআত অৰ্জন কৰিব।

Source
(মুছলিম)
Download image

Saved at original quality