Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ

Available in 71 languages
«আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে। তেখেতে কৈছেঃ তেতিয়া আল্লাহৰ আৰচ আছিল পানীৰ ওপৰত।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই সংবাদ দিছে যে, আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পঞ্চাচ হাজাৰ বছৰ আগতেই আল্লাহে সকলো সৃষ্টিৰ ভাগ্য বিতংভাৱে লিপিবদ্ধ কৰিছে লাওহে মাহফুজত, যেনে- সিহঁতৰ জীৱন, মৰণ, জীৱিকা আদি। মহান আল্লাহে যিটো ফয়চালা কৰিছে সেইমতেই সংঘটিত হৈ আছে। এতেকে সংঘটিত হ'বলগীয়া প্ৰতিটো বস্তুৱেই আল্লাহৰ সিদ্ধান্ত অনুযায়ী আৰু তেওঁৰ নিৰ্ধাৰণ অনুপাতে হয়। এতেকে বান্দাই যিটো লাভ কৰিছে সেইটো সি নোপোৱাৰ কোনো প্ৰশ্নই নুঠে, আৰু যিটো সি পোৱা নাই সেইটো সি নাপাবলগীয়াই আছিল।

Source
(মুছলিম)
Download image

Saved at original quality