AS
ফজীলতসমূহ
তাওহীদৰ গুৰুত্ব
4 hadiths
জ্ঞান অৰ্জনৰ গুৰুত্ব
8
তাওহীদৰ গুৰুত্ব
4
আল-কোৰআনুল কাৰীমৰ গুৰুত্ব
5
পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰৰ গুৰুত্ব
3
আত্মীয়তাৰ সম্পৰ্ক বজায় ৰখাৰ গুৰুত্ব
1
فضائل آل البيت رضي الله عنهم
4
সৎকৰ্ম বা নেক কামৰ গুৰুত্ব
16
জিকৰ-আজকাৰৰ গুৰুত্ব
10
দুআৰ ফজীলত
5
অন্তৰৰ আমলৰ গুৰুত্ব
4
অংগ-প্ৰত্যাংগৰ জৰিয়তে কৰা আমলৰ গুৰুত্ব
6
4 hadiths
আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যদি এটা কাইটো বিন্ধে, তেন্তে ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"
(মুছলিম)