Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 62 languages
«আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যদি এটা কাইটো বিন্ধে, তেন্তে ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিমে যি বেমাৰতে আক্ৰান্ত হয়, যি দুশ্চিন্তা বিষন্নতা আদিয়ে আগুৰি ধৰে নাইবা বিপদ-আপদ, ভয়-ভীতি আৰু ভোকত কষ্ট পায়, আনকি যদি এটা কাইট বিন্ধাৰ ফলতো দুখ পায় তথাপিও ইয়াৰ বিনিময়ত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে তথা তাৰ পাপ মোচন কৰি দিয়ে।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality