Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 45 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বহুতো এনেকুৱা লোক আছে, যাৰ চুলিবোৰ অপৰিপাটি, যাক দুৱাৰৰ পৰা আঁতৰাই পঠোৱা হয়, এনেকুৱা ব্যক্তিয়ে আল্লাহৰ নামত শপত কৰিলে আল্লাহে সেয়া সত্যত পৰিণত কৰে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত এনেকুৱাও কিছুমান মানুহ আছে, যিসকলৰ চুলিবোৰ অপৰিপাটি হৈ থাকে, নোধোৱাৰ ফলত আৰু তেল আদি ব্যৱহাৰ নকৰাৰ ফলত মলিন হৈ থাকে, যাৰ ফলত মানুহে সিহঁতক গুৰুত্ব নিদিয়ে, সিহঁতে কাৰোবাৰ দুৱাৰত গ'লে আঁতৰাই দিয়ে, আৰু হেয় প্ৰতিপন্ন কৰি খেদি পঠিয়ায়। এনেকুৱা ব্যক্তিয়ে যদি কোনো বিষয়ত শপত খায় তেন্তে আল্লাহে সিহঁতৰ প্ৰাৰ্থনাত সঁহাৰি প্ৰদান কৰি সেই বিষয়টোক সত্যত পৰিণত কৰে, লগতে সিহঁতৰ শপত ভংগ হোৱাৰ পৰা ৰক্ষা কৰে। এইটো হয় এই কাৰণে যে, আল্লাহৰ ওচৰত সিহঁতৰ মৰ্যাদা আছে।

Source
(মুছলিম)
Download image

Saved at original quality